প্ৰকাশ পালে গুণ ভূঞাৰ 'নাট সংকলন' আৰু ৰীতা বৰুৱাৰ 'নিৰ্বাচিত কবিতা'
'আলাপ'ৰ উদ্যোগ জামুগুৰিহাটত গ্ৰন্থ উন্মোচনী সভা ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১ ডিচেম্বৰ: সমাজ, সাহিত্য সংস্কৃতিৰ উৰ্বৰ ভূমি ঐতিহ্যমণ্ডিত জামুগুৰিহাটত যোৱা ২৯ নৱেম্বৰত বাপুজী ভৱনত প্ৰথিতযশা কবি ৰীতা বৰুৱা আৰু জামুগুৰিহাটৰ বিশিষ্ট নাট্যকাৰ প্ৰয়াত গুণ ভূঞাৰ একোখনকৈ গ্ৰন্থ শুভ উন্মোচন কৰা হয়। সেই উপলক্ষে বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত সভাপতিৰ আসন গ্ৰহণ কৰে আলাপৰ সভাপতি তথা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যাপক হেমন্ত বৰাই আৰু উন্মোচকৰ আসন অলংকৃত কৰে ক্ৰমে বিশিষ্ট নাট্য শিল্পী ভবেন বৰা আৰু শিশু সাহিত্যিক, কবি দিলীপ কুমাৰ ভট্টাচার্যই। আলাপৰ সম্পাদক বিকাশ বৰাই আঁতধৰা আৰু কণ্ঠশিল্পী অকুণ্ঠিতা গাৰ্গৰ বৰগীতেৰে আৰম্ভ হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে অংশ লয় সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা নৱ নিৰ্বাচিত উপ সভাপতি দুলদুল বৰকটকীয়ে। উল্লেখ্য যে সভাৰ প্ৰাক ক্ষণত অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। স্মৰণ যোগ্য যে ৬০ ৰ পৰা ৮০ দশকত জামুগুৰিহাটৰ নাট্য আন্দোলনৰ অন্যতম কাণ্ডাৰী আছিল নাট্যকাৰ গুণ ভূঞা। সেই স...