শিক্ষকৰ দ্বায়িত্ব হৈছে জ্ঞানৰ পোহৰৰে চকুৰ অন্ধকাৰ মুকলি কৰা-অধ্যাপক ডঃ হেমন্ত কুমাৰ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়

এন আৰ একাডেমীৰ শুভ-উদ্বোধন 

শিক্ষকৰ দ্বায়িত্ব হৈছে জ্ঞানৰ পোহৰৰে চকুৰ অন্ধকাৰ মুকলি কৰা-অধ্যাপক ডঃ হেমন্ত কুমাৰ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদঃ , ৩ এপ্ৰিলঃ
পৃথিৱীত আটাইতকৈ মহান যিবিলাক বৃত্তি আছে তাৰ ভিতৰৰ অতি উল্লেখযোগ্য এটা হৈছে শিক্ষাদান আৰু দ্বিতীয়টো হৈছে চিকিৎসা বিজ্ঞান।অতি পিছ পৰা গ্ৰাম্যাঞ্চলত পিতৃ-মাতৃৰ স্নেহৰ চিন স্বৰূপে পুত্ৰই নুৰুদ্দিন আহমেদ আৰু ৰেজিয়া বেগমৰ নামত এই স্কুলখন প্ৰতিষ্ঠা কৰিছে।এনেক্ষেত্ৰত মই সুযোগ্য পিতৃক অভিনন্দন জনাইছো। তেওঁৰ দুজন লৰাৰ এজন গৈছে শিক্ষা বৃত্তিত আৰু দ্বিতীয় জনে মানুহক চিকিৎসা কৰি মানুহৰ কল্যাণৰ অৰ্থে জড়িত হৈ আছে। আমাৰ পুৰণি নীতিশাস্ত্ৰত এটা কথা কৈছে যে এজন শিক্ষাগুৰুয়ে এজন ছাত্র বা ছাত্রীক জীৱনত যদি কিবা এটা কথাওঁ শিকাই তেতিয়া ছাত্রজনে কেতিয়াওঁ সেইখিনি ঋণৰ পৰিশোধ কৰিব নোৱাৰে। লগতে শিক্ষকৰ দ্বায়িত্ব হৈছে জ্ঞানৰ পোহৰৰে আমাৰ চকুৰ অন্ধকাৰ মুকলি কৰা। আৰু আমি পৃথিৱীখন তেতিয়াহে বুজিব পৰা হ'ম। পিছপৰা অঞ্চলত এখন শিক্ষানুষ্ঠান খুলি সমাজলৈ বৰঙণি আগবঢ়োৱা আটাইতকৈ বেছি প্ৰত্যাহ্বানজনক। দহ-বাৰ বছৰ তেওঁ ইতিমধ্যে টিউচন চেন্টাৰৰ জৰিয়তে বহুতো ছাত্র-ছাত্রীক শিক্ষাদান কৰিলে। এতিয়া তেওঁ এখন স্কুললৈ ৰূপান্তৰ কৰিছে। এই বিদ্যালয়ে নিশ্চয় এই অঞ্চলৰ পৰা বহুতো শিক্ষাৰ্থী উৎপাদন কৰিব। আৰু সেই ছাত্র ছাত্রী খিনিয়ে এই অঞ্চলটোক এটা উন্নয়ন অঞ্চললৈ ৰূপান্তৰ কৰিব। এনেদৰে আজি বক্তব্য আগবঢ়াই ৰঙিয়াৰ সমীপৱৰ্তী ধূলাবড়ী তিনিআলি চ'কৰ কাষত এন আৰ একাডেমীখনৰ শুভ উদ্বোধন অনুষ্ঠানৰ মুকলি সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ডঃ হেমন্ত কুমাৰ শৰ্মাই।আনহাতে নলবাৰী শংকৰদেৱ একাডেমীৰ পদাৰ্থ বিজ্ঞানৰ বিষয় শিক্ষক গুণজিৎ গোস্বামীয়ে কয় যে, ধূলাবৰী অঞ্চলত এখন ব্যক্তিগত মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। এই গোটেই বিদ্যালয়খন অসমীয়া মাধ্যমত পৰিচালিত হ'ব। মাতৃভাষাত যদি শিক্ষাদান কৰা হয় তেনেহলে লৰা-ছোৱালীয়ে সকলো কথা সহজে আয়ত্ব কৰিব পৰা হয়।  বিদ্যালয় এখন প্ৰতিষ্ঠা কৰি তাক গঢ় দিয়াটো খুব টান গতিকে এনেক্ষেত্ৰত সকলোৱে সহায়-সহযোগিতা কৰাৰ হকে আহ্বান জনায় ।এই অনুষ্ঠানতে একাডেমীখনৰ সঞ্চালক এচ এম চাইদুল ইছলামৰ ককায়েক তথা হোজাই জিলা অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ এচ এম ময়দুল ইছলামে নিজৰ বক্তব্যত উল্লেখ কৰে শিক্ষা এটা জাতি-সমাজৰ কাৰণে দাপোণ স্বৰূপ। শিক্ষা যদি এখন সমাজত নাই তেন্তে সেই সমাজ অন্ধকাৰ। আমাৰ এই ঠাইবোৰত আৰু যথেষ্ট পৰিমাণে উচ্চ শিক্ষিত মানুহৰ প্ৰয়োজন আছে। সমাজখন তেতিয়াহে আগবাঢ়িব। কিছু সমস্যা শিক্ষাৰ পোহৰেৰে আলোকিত হোৱাৰ পিছত সমস্যা সমূহ দূৰ হৈ যায়। শিক্ষানুষ্ঠানৰ প্ৰসঙ্গত ইছলামে কয় যে আমি অসমীয়া ভাষাটো ভালদৰে জীয়াই ৰাখিম কিয়নো অসমীয়া ভাষাৰ প্ৰতি গুৰুত্বটো যি কিছু পৰিমাণে ম্লান দেখা গৈছে সেই গুৰুত্বটো পুনৰ উজ্জীৱিত হোৱাৰ পথত আমি ইয়াত আপ্রাণ চেষ্টা কৰিম। উল্লেখ্য জ্ঞানম শিক্ষাকেন্দ্ৰ বেচৰকাৰী সংস্থাৰ অধীনত আনন্দৰাম বৰুৱা একাডেমী পাঠশালা শিক্ষা সংসদৰ দ্বাৰা অনুমোদিত এন আৰ একাডেমীখনৰ আজি ধূলাবড়ী তিনিআলি চ'কৰ সমীপত শুভ উদ্বোধন কৰা হয় । পুৱা এন আৰ একাডেমীখনৰ পতাকা উত্তোলন কৰে শিক্ষানুষ্ঠানখনৰ স্বতাধিকাৰ তথা অধ্যক্ষ অৱসৰপ্ৰাপ্ত শিক্ষক নুৰুদ্দিন আহমেদে। ইয়াৰ পিছতে কেইবাগৰাকী আমন্ত্ৰিত অতিথিৰ দ্বাৰা একাডেমী খনৰ চৌহদত বৃক্ষৰোপন কৰা হয়। লগতে খন্দিকৰ হাইস্কুলৰ প্ৰধান শিক্ষক মুকুট চন্দ্ৰ দাসে উদ্বোধন কৰে একাডেমী খনৰ শুভ উদ্বোধনক লৈ উলিওৱা বিশাল শোভাযাত্ৰা। দিনৰ মুকলি সভাত সভাপতিত্ব কৰে এবিএমছুৰ মুখ্য উপদেষ্টা আফজাল আলীয়ে।মুকলি সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মুকলি সভাৰ উদ্বোধক মহাবাহু একাডেমীৰ অধ্যক্ষ কামিনী চন্দ্ৰ ডেকা,দন্ত চিকিৎসক ডাঃ মোস্তাক আহমেদ, পিবি আঞ্চলিক হাইস্কুলৰ সহকাৰী বিজ্ঞান শিক্ষক মইনুল হক, গুৰমৌ হাইস্কুলৰ সহকাৰী শিক্ষক ইব্ৰাহিম আলী, ধেপাৰ গাঁও এম ই স্কুলৰ সহকাৰী শিক্ষক মহেশ্বৰ ডেকা, চৰ খোলাবন্ধা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ৰেকিবুদ্দিন আহমেদ, মঙ্গলদৈৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ মিজানুৰ ৰহমান, নিচাট ডেন্টল লেবৰ স্বতাধিকাৰী নজৰুল ইছলাম, পিবি ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ভাস্কৰ কাকতি, তেজপুৰ মেডিকেল কলেজৰ একাউণ্ট জাহিদুল ইছলাম,ৰঙিয়াৰ বিশিষ্ট সাংবাদিক পহৰেদ আলী আহমেদ, কাউৰবাহা উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ হাজৰিকা, আইটিআই গুৱাহাটীৰ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰ ৰিয়াজুল ইছলামে। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত ইছলাম টিউচন চেন্টাৰৰ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰী, এন আৰ একাডেমীৰ ছাত্ৰ ছাত্ৰীৰ গীত আৰু নৃত্য পৰিবেশন কৰি অভিভাৱকৰ লগতে ছাত্ৰ ছাত্ৰীসকলক আপ্লুত কৰি তোলে।অনাগত দিনত একাডেমীখনৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত সমূহ অভিভাৱক, ছাত্ৰ-ছাত্ৰীৰ লগতে শুভাকাংক্ষী ৰাইজৰ সৰ্বতোপ্ৰকাৰৰ সু-দিহা পৰামৰ্শ শ্ৰদ্ধাৰে কামনা কৰিছে এন আৰ একাডেমীৰ স্বত্বাধিকাৰী তথা অধ্যক্ষ নুৰুদ্দিন আহমেদ, সঞ্চালক এচ এম চাইদুল ইছলাম, সচিব আফ্ৰুজা বেগম, পৰিচালন সঞ্চালক মকবুল আলী প্ৰমুখ্যে উদ্যোক্তা সমিতিয়ে ।

Comments

Post a Comment

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা