সাহিত্য সভাৰ আজীৱন সভ্য, বিশিষ্ট সমাজকৰ্মী চন্দ্ৰ কান্ত শইকীয়াৰ দেহাৱসান

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৬ জুলাইঃ নগাঁও জিলাৰ ধিং টাউন নিৱাসী বিশিষ্ট সমাজকৰ্মী, সাহিত্যানুৰাগী, প্ৰবীন অভিনেতা তথা কবি চন্দ্ৰ কান্ত শইকীয়াৰ দেওঁবাৰে নিশা প্ৰায় চাৰে আঠ বজাত নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৮ বছৰ ৷ বৃহত্তৰ ধিং অঞ্চলৰ সমাজ জীৱনৰ সৈতে সংপৃক্ত হৈ পৰা শইকীয়া অসম সাহিত্য সভাৰ আজীৱন সভ্য তথা জাতীয় সংগঠনটোৰ এজন নিষ্ঠাৱান সেৱক আছিল ৷ ১৯৫৪ চনত স্থাপিত হোৱা ধিং শতদল শাখা সাহিত্য সভাৰ জন্মলগ্নৰ অন্যতম কৰ্মী শইকীয়াই বিগত সময়ছোৱাত অসম সাহিত্য সভাৰ ডেৰ কুৰিতকৈও অধিক কেন্দ্ৰীয় অধিবেশনত ধিং শাখাৰ পৰা প্ৰতিনিধিত্ব কৰি ব্যক্তিগতভাবে জাতীয় অনুষ্ঠানটোৰ প্ৰতি থকা আস্থা আৰু অকৃত্ৰিম চেনেহৰ চানেকী বহন কৰি থৈ গৈছে ৷ ধিঙৰ আঠগাঁও মজলীয়া বিদ্যালয়, ধিং ৰত্নভৱন বিহুতলি, ধিং কনজুমাৰ্ছ কো-অপাৰেটিভ, ধিং টাউন লাইব্ৰেৰী, ধিং নৈশ বিদ্যালয়কে ধৰি বহুকেইটা ৰাজহুৱা অনুষ্ঠানৰ সৈতে ওতঃপোতভাবে জড়িত থাকি সেৱা আগবঢ়োৱা শইকীয়াই কাব্য-সাহিত্য চৰ্চাৰ মাজেৰে নিজকে নিয়োজিত কৰি এজন কবি হিচাপে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল। তদুপৰি গুৰুজনাৰ অমৰ সৃষ্টি অংকীয়া ভাওনাৰ এজন সুত্ৰধাৰ আৰু ভাৱৰীয়া হোৱাৰ লগতে তেওঁ আছিল এগৰাকী সুদক্ষ গায়ন ৷ তদুপৰি জাতীৱতাবাদ ভাৱধাৰাৰে প্ৰভাম্বিত শইকীয়াই ধিং আঞ্চলিক অগপৰ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্বও বহন কৰিছিল । বহু গুণধাৰী, অমায়িক শইকীয়াৰ মৃত্যুত ধিং টাউন অগপ, ধিং ৰত্নভৱন বিহুতলি, ধিং আছুকে প্ৰমুখ্য কৰি বহু অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷ ইফালে, ধিং শতদল শাখা সাহিত্য সভাৰ হৈ সভাপতি মৃগাংক বৰা আৰু সম্পাদক হৰগোবিন্দ শইকীয়াই সাহিত্য সভাৰ আজীৱন সভ্য শইকীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি চন্দ্ৰ কান্ত শইকীয়া এজন সমাজ হিতৈষী আৰু সাহিত্য সভাৰ এজন একনিষ্ঠ সেৱক আছিল বুলি এক বিবৃতিৰ জৰিয়তে উল্লেখ কৰি তেওঁ সামাজিক দায়বদ্ধতাৰে বৃহত্তৰ ধিঙৰ সমাজ জীৱনত জাতীয় চেতনাৰে জীৱনৰ বিয়লি বেলালৈকে সাহিত্য সভাৰ হকে সুহৃদয়েৰে যি সেৱা আগবঢ়ালে সেয়া সাহিত্য সভাৰ লগতে ধিংবাসীৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব বুলি মত ব্যক্ত কৰে ৷ মৃত্যুৰ সময়ত সাহিত্যনুৰাগী শইকীয়াই দুজন পুত্ৰ, দুগৰাকী কন্যাৰ লগতে বহু আত্মীয়-স্বজন ইহসংসাৰত এৰি থৈ যায় ৷
===================

Comments

  1. প্ৰণাম জনাইছো।

    ReplyDelete

Post a Comment

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা