ৰঙিয়াৰ সমীপৰ বান বিধ্বস্ত পথ মেৰামতি কৰি আদৰ্শ দাঙি ধৰিলে এগৰাকী উদ্যমী যুৱকে
প্ৰতিবেদক, ৰঙিয়া ,১ছেপ্তেম্বৰঃ ইচ্ছা থাকিলে উপায় হয়। এই বহুল প্রচলিত আপ্তবাক্যটো আজি সচা বুলি প্ৰমাণিত কৰিলে খন্দিকৰৰ এগৰাকী উদ্যমী যুৱক আব্দুৰ ৰৌফ খানে। বিগত জুলাই মাহত পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে প্ৰলয়ৰ সৃষ্টি কৰি বগৰিবাৰীত মথাউৰি ছিঙি নিয়াত ৰঙিয়া, বাগছা সহ বিস্তীর্ণ অঞ্চল বুৰাই পেলােৱাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছিল। বৰ্তমান সময়ত বানৰ পানী নামি গৈছে যদিও ঘৰ দুৱাৰ, খেতি পথাৰ, বাট পথ আদি বালিৰে পুতি পেলোৱাত বান বিধ্বস্ত ৰাইজে নতুন সমস্যাৰ সন্মুখীন হৈছে। বানৰ পানীয়ে বিশেষকৈ ৰঙিয়া - কাউৰবাহা গড়কাপ্তানী পথৰ খন্দিকৰৰ পৰা কাউৰবাহা হৈ গোৰেশ্বৰ আৰু লতিবাৰী সংযোগী এই ব্যস্ত পথ দুুটা বুৰাই পেলোৱাত যাতায়াতৰ বাবে সম্পূৰ্ণ অনুপযোগী হৈ পৰে । বান বিধ্বস্ত উল্লুবাৰী আৰু ধেপাৰগাঁঁৱৰ মাজৰ পথ চোৱা কেইবা ঠাইতো ছিঙি নিয়াত অকল যে সৰু-বৰ গাড়ী, মটৰ চাইকেল , চাইকেল চলোৱাতো দূৰৰে কথা সাাধাৰণ ৰাইজে খোজ কাঢ়ি অহা যোৱা কৰাৰ কথা সপোনতো ভবা নাছিল। পথৰ দুৰৱস্থাৰ বাবে কাউৰবাহা মৌজাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে বজাৰ- সমাৰ, অফিচ- কাছাৰীৰ লগতে যিকোনো গুৰুত্বপূৰ্ণ কাম কাজ কৰাৰ ক্ষেত্ৰত ৰঙিয়াৰ পৰা বিছিন্ন হৈ পৰিছিল । বানে মহতিয়াই নিয়া পথ সমূহেদি এম্বুলেঞ্চো অহা যোৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছিল। এই অতি গুৰুত্বপূৰ্ণ পথটোৰ মেৰামতিৰ বাবে কোনো জনপ্ৰতিনিধিয়ে নাইবা চৰকাৰী বিভাগে গুৰুত্ব নিদিয়াত আজি উদ্যমী যুৱক খন্দিকৰৰ আব্দুৰ ৰৌফ খানে সাধাৰণ ৰাইজৰ স্বাৰ্থৰ কথা চিন্তা কৰি অসাধ্য সাধন কৰিলে। তেওঁ নিজৰ গাঁঠিৰ ধন ভাঙি দুখন ট্ৰেক্টৰ আৰু এখন জেচিবি সহ কেবাগৰাকী শ্ৰমিকৰ সহযোগত বান বিধ্বস্ত জৰাজীৰ্ণ পথটি মেৰামতি কৰি যাতায়তৰ বাবে সুগম কৰি তোলে। ৰৌফ খানৰ এনে উদাৰতা, মহানুভৱতা আৰু সমাজ সেৱামুলক চিন্তাধাৰাক অঞ্চলটোৰ ৰাইজে শলাগ লোৱাৰ উপৰিও ভূয়সী প্ৰশংসা কৰে।উল্লেখ্য যে, কৰোনা ভাইৰাছৰ সংক্ৰণণ ৰোধ কৰিবলৈ দেশত লকডাউনন কৰা সময়চোৱাত ধনী শ্ৰেণীৰলোক আৰু মধ্যশ্ৰেণীৰলোকৰ বাহিৰে ঠেলাচালক,ৰিক্সা চালক আৰু দিন হাজিৰালোক সকলৰ দুৰৱস্থাৰ সময়তো সাহাৰ্য্য আগবঢ়াই মানৱতাৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰে সমাজ প্ৰিয় যুৱক আব্দুৰ ৰৌফ খানে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।
প্ৰশংসনীয় পদক্ষেপ।
ReplyDeleteৰাইজৰ মৰম বুটলিবলৈ সক্ষম হব।
Thank you firstnews
ReplyDeleteভাইজান সুন্দৰ পদক্ষেপ।
ReplyDeleteGreat job my dear friend
ReplyDeleteYou are great
ReplyDelete