ক'ভিড ১৯' সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ প্ৰচেষ্টা এজন যুৱনেতাৰ

দেৱব্ৰত বৰা,জাজৰি,২৬ জুন:  বিশ্ববাসী এতিয়া মহামাৰী কৰ'নাৰ আতংকত ত্ৰস্তমান। অসমতো কৰ'নাত আক্ৰান্তৰ সংখ্যা  দিনক দিনে বৃদ্ধি পাইছে।  এনে এক জটিল সন্ধিক্ষণত ৰহাৰ গ্ৰাম্যাঞ্চলৰ ৰাইজৰ মাজত 'কভিড ১৯' ৰ প্ৰতিকাৰমূলক দিশসমূহ অৱগত কৰোৱাৰ অহৰহ চেষ্টা চলাই আহিছে ৰহাৰ এজন যুৱনেতাই । ৰহা সমষ্টিৰ শিঙিমাৰী পঞ্চায়তত 'কভিড ১৯' সন্দৰ্ভত ৰাইজক সজাগ কৰা প্ৰচেষ্টা চলালে অসম প্ৰদেশ অনুসূচিত জাতি মৰ্চাৰ সম্পাদক লক্ষ্যজ্যোতি দাসে। যুৱনেতাগৰাকীৰ নেতৃত্বত এটা দলে শিঙিমাৰী পঞ্চায়তৰ বিভিন্ন স্থানলৈ গৈ মাক্স বিতৰণৰ সমান্তৰাল ভাৱে ৰাইজৰ মাজত কৰ'না সন্দৰ্ভত সচেতনতা বৃদ্ধিৰ প্ৰয়াস কৰে।

Comments

Post a Comment

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা