নগাঁৱৰ বিভিন্ন শিক্ষানুষ্ঠানত দীৰ্ঘদিনে খালি হৈ আছে উচ্চতৰ মাধ্যমিকৰ শতাধিক শিক্ষকৰ পদ

শিক্ষক নোহোৱাকৈ উচ্চতৰ মাধ্যমিকত বহু বিদ্যালয়ৰ উন্নত ফলাফল≈≈কেইবাখনৰো উত্তীৰ্ণৰ হাৰ এশ শতাংশ#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ জুনঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত দেখা গ’ল পূৰ্বৰ দৰেই ৰাজ্যৰ ভিতৰত প্ৰথম দহটা স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ ভিতৰত অধিকাংশতে বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ দপদপনি । সেয়ে পুনৰবাৰ সমালোচনাৰ সন্মুখীন হৈছে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান সমূহ । কিন্তু বাস্তৱ ক্ষেত্ৰত চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ মানদণ্ড ইমান নিম্নগামী হোৱা নাই ৷ ৰাজ্যৰ ভিতৰত প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰিব নোৱাৰিলেও উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বহু চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানে আশানুৰূপ ফলাফলেই প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ অন্যতম উদাহৰণ হিচাপে নগাঁও জিলাৰ কথাকে ক’ব পাৰি ৷ কিয়নো, ৰাজ্যৰ ভিতৰত স্থান লাভ নকৰিলেও কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত এই জিলাখনৰ বহুকেইখন শিক্ষানুষ্ঠানে আভ্যন্তৰিণ নানা সমস্যাৰ মাজতো যথেষ্ট উন্নত ফলাফল দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ জানিব পৰা মতে, জিলাখনৰ এনে বহু বিদ্যালয় ঘাইকৈ বিভিন্ন বিষয়ৰ শিক্ষক নোহোৱাকৈয়ে চলি আছে । তদুপৰি যি সকল শিক্ষক আছে তেওঁলোকৰ বহুতকে চৰকাৰী বিভিন্ন কামত নিয়োজিত কৰি ৰখা হৈছে । অৱশ্যে বিদ্যালয় গৃহসমূহ উন্নত যদিও আভ্যন্তৰীণ আন্তঃগাঠনি বিশেষ উন্নত নহয় । বিজ্ঞানগাৰ সমূহতো যথোপযুক্ত আহিলা নাই । তথাপিও এনে বহু সমস্যাৰ মাজতো নগাঁৱৰ বহু কেইখন শিক্ষানুষ্ঠানৰ পৰা এইবাৰ এশ শতাংশ উত্তীৰ্ণ হৈছে । নগাঁও জিলা উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ উপ সভাপতি মৃগাংক বৰা আৰু সম্পাদক জীতেন হাজৰিকাই জনোৱা মতে, অবিভক্ত নগাঁও আৰু হোজাই জিলাৰ মুঠ প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সংখ্যা ৫৭ খন । ইয়াৰে ১৬ খনত বিজ্ঞান শাখা আৰু ৬ খনত আছে বাণিজ্য শাখা ৷ ইয়াৰ বিপৰীতে কলা শাখা থকা ৫০ খনৰ ভিতৰত কেইবাখনত বিজ্ঞান অথবা বাণিজ্য শাখা থকা বিদ্যালয়ো অন্তৰ্ভুক্ত হৈ আছে । সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, পুৰণিগুদাম ৰাধা কান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত এশ শতাংশ আৰু বাণিজ্য শাখাত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী এশ শতাংশ উত্তীৰ্ণ হবলৈ সক্ষম হৈছে । তদ্ৰুপ কলা শাখাত চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, নীলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাইদঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গড়াজান জয় নাৰায়ণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী এশ শতাংশ উত্তীৰ্ণ হৈছে । তদুপৰি চৰকাৰী খণ্ডৰ প্ৰাদেশীকৃত এই শিক্ষানুষ্ঠান সমূহৰ বহু ছাত্র-ছাত্ৰীয়ে ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান,পদাৰ্থ বিজ্ঞান, গণিত, অসমীয়া, হিচাপ বিদ্যা, ৰাজনীতি বিজ্ঞান, শিক্ষা আদি বিষয়ত লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । কিন্তু এই বিদ্যালয় সমূহৰ কেইবাখনত দীৰ্ঘদিনে গুৰুত্বপূৰ্ণ বিষয়ত শিক্ষকৰ পদ খালী হৈ আছে । সেই অনুসৰি পদাৰ্থ বিজ্ঞান, প্ৰাণী বিজ্ঞান, ভূগোল আৰু গণিত বিষয়ৰ শিক্ষকৰ পদ খালী হৈ থকা ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাণিজ্য শাখাত আকৌ নাই এজনো শিক্ষক । ঠিক সেইদৰে জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদ্ভিদ বিজ্ঞানৰ শিক্ষক, ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰসায়ন বিজ্ঞান আৰু ভূগোল বিজ্ঞানৰ শিক্ষক, ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰসায়ন বিজ্ঞান,পদাৰ্থ বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষক, হোজাইৰ দেশবন্ধু বিদ্যাপীঠৰ পদাৰ্থ বিজ্ঞান, প্ৰাণী বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ শিক্ষক, পুৰণিগুদাম ৰাধা কান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰসায়ন বিজ্ঞানৰ শিক্ষক তথা কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গণিতৰ শিক্ষক নাই ৷ তৎসত্তেও এনে সমস্যাৰ মাজতো এই  এই বিদ্যালয়সমূহত এশ শতাংশ ছাত্ৰ-ছাত্ৰী বিভিন্ন শাখাত উত্তীৰ্ণ হোৱাটো বেছ শুভ লক্ষণ । গুৰুত্বপূৰ্ণ কথাটো হ’ল প্ৰকৃততে চৰকাৰী খণ্ডৰ প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত অধ্যয়ণ কৰা অধিকাংশ ছাত্র-ছাত্ৰীয়েই মধ্যম স্তৰৰ ৷ এইসকলৰ বহুতৰে পৰিয়ালৰ আৰ্থিক অৱস্থা মুঠেও উন্নত নোহোৱাত অধ্যয়ণৰ বেলিকা সংগ্ৰাম কৰিবলগীয়া হয়। তদুপৰি বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ তুলনাত চৰকাৰী শিক্ষানুষ্ঠানসমূহত বন্ধৰ সংখ্যা বেছি ৷ আনকি বহু শিক্ষানুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত উচ্চতৰ মাধ্যমিক স্তৰত নাম ভৰ্ত্তি কৰিবৰ বাবে অভিভাৱক সকলক বুজাই বঢ়াইহে ছাত্ৰ-ছাত্রী আনিবলগীয়া হয়। কাজেই, এনে বহু সমস্যাৰ মাজতো চৰকাৰী খণ্ডৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ এশ শতাংশ হোৱাটো সঁচাই প্ৰশংসনীয় । গতিকে ৰাজ্যৰ শিক্ষা বিভাগে এই বিদ্যালয়বোৰৰ খালি হৈ থকা শিক্ষকৰ পদসমূহ পূৰণকে ধৰি আভ্যন্তৰীণ সমস্যাৰাজি সমাধানেৰে বিদ্যালয়বোৰত সুস্থিৰ শৈক্ষিক বাতাৱৰণ গঢ়ি তুলিবলৈ নগঞা সচেতন মহলে অনুৰুধ জনাইছে।

Comments

  1. চৰকাৰী খণ্ডৰ বিদ্যালয় বিলাকে ইয়াত উল্লেখ কৰা ধৰণৰ বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ বাবে ভাল ছাত্র ছাত্রী সকল চৰকাৰী খণ্ডৰ বিদ্যালয় লৈ আহিবলৈ নিবিচাৰে। তাৰ মাজতো এনে ভাল ফলাফল দেখুওৱা পৰাটো সঁচাকৈয়ে আনন্দ আৰু গৌরব কথা সম্পূর্ণ সুবিধা পালে চৰকাৰী খণ্ডৰ বিদ্যালয় বিলাকে আৰু ভাল ফলাফল দেখুওৱা পাৰিব ।

    ReplyDelete

Post a Comment

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা