সীমাহীন আহুকালৰ মাজত কৃষ্ণাইৰ কোন্টেইনমেন্ট জ’নৰ বাসিন্দা

ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ আহ্বান জিলা প্ৰশাসনক

-----------

গোৱালপাৰা জিলাৰ কৃষ্ণাইত দুলাল সাহা নামৰ ক্ষুদ্ৰ ব্যৱসায়ী লোক এজন মহামাৰী ক’ভিড ১৯ ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ আশুডুবি অঞ্চলটোক কোন্টেইনমেন্ট জ’নলৈ ৰূপান্তৰিত কৰা হৈছে ৷ বিগত ১৩ জুনত কৃষ্ণাই আশুডুবি নিবাসী দুলাল সাহাৰ দেহত ক’ভিড ১৯ ধৰা পৰাৰ পিছতে জিলা প্ৰশাসনে আশুডুবিকে ধৰি এক বৃহৎ অঞ্চলক কোন্টেইনমেন্ট জ’ন ৰূপে ঘোষণা কৰে ৷ কোন্টেইনমেন্ট জ’নৰ সীমা নিৰ্দ্ধাৰণ কৰা হয় উত্তৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণে আশুডুবি বেতবাৰী পইন্টলৈ আৰু পূৱে কৃষ্ণাই নৈৰ পৰা পশ্চিমেে কৃষ্ণাই কৃষি পাম পৰ্যন্ত ৷ সেই অনুসৰি ১৪ জুনৰ দুপৰীয়া স্থানীয় আৰক্ষী প্ৰশাসনে আশুডুবি সংলগ্ন আটাইবোৰ পথেই বাঁহ বান্ধি যাতায়াত বন্ধ কৰি দিয়ে ৷ পৰৱৰ্তী সময়ত দুলাল সাহা কৰোণা মুক্ত বুলি ঘোষিত হয় যদিও স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি আশুডুবি আজি ১৬ দিনে কোন্টেইনমেন্ট জ’ন ৰূপে বাহাল আছে ৷ যাৰ ফলত বিশেষকৈ অঞ্চলটোৰ শ্ৰমজীৱী লোক সকলৰ দৈনন্দিন জীৱন যাত্ৰা যথেষ্ট কষ্টসাধ্য হৈ পৰিছে ৷ গৃহবন্দী স্বৰূপ পৰিৱেশৰ ফলত অঞ্চলটোৰ খাটি খোৱা লোক সকল দুবেলা দুমুঠি খোৱাৰ বাবেও উপায়হীন হৈ পৰিছে ৷ ৰাইজে অভিযোগ কৰা মতে, কোনো উচ্চ পৰ্যায়ৰ বিষয় ববীয়াই আজিকোপতি কোন্টেইনমেন্ট জ’নৰ আৱাসী সকলৰ দুখ দুৰ্দশা বা সুবিধা অসুবিধাৰ বুজ ল’বলৈ অঞ্চলটোত পদাৰ্পণ কৰা নাই ৷  সেয়ে ৰাইজে এই ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগক কাতৰ অনুৰোধ জনাইছে ৷ 


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

Comments

  1. অতি সোনকালে মুকলি কৰি দিবলৈ প্ৰশাসনক অনুৰোধ জনালো। লগতে এলেকাটো চেনিটাইজ কৰাৰ দাবী জনালো।

    ReplyDelete

Post a Comment

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা